১৮ মাৰ্চত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ উচ্চ পৰ্যায়ৰ দল

0
17


লোকসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ কেইটামান দিন। ইয়াক লৈ ৰাজনৈতিক দলসমূহৰ মাজত সীমাহীন ব্যস্ততা। কিন্তু ইয়াৰ মাজতে নিৰ্বাচনক লৈ ৰাজ্যৰ প্ৰশাসনে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে সেই কথা জানিবলৈ সোমবাৰে অসম ভ্ৰমণলৈ আহিব নিৰ্বাচন আয়োগৰ এটা উচ্চ পৰ্যায়ৰ দল।

নিৰ্বাচন আয়োগৰ উপ উপায়ুক্ত সুদীপ জৈনৰ নেতৃত্বত সোমবাৰে গুৱাহাটীত উপস্থিত হ’ব লগীয়া দলটোৱে ৰাজ্যৰ নিৰ্বাচনী প্ৰস্তুতিৰ লগতে অন্যান্য দিশ সম্পৰ্কত বুজ ল’ব।

দলটোৱে ৰাজ্যৰ শীৰ্ষ প্ৰশাসনৰ সৈতেও বৈঠকত মিলিত হৈ আইন-শংখলাজনিত সমস্যাসমূহৰ আলোচনা কৰাৰ লগতে বিষয়া বদলি আদিৰ বিষয়টো তদাৰক কৰিব।

অসমলৈ এদিনীয়া কাৰ্যসূচীৰে আহিব লগীয়া দলটোৱে উত্তৰ-পূবৰ ত্ৰিপুৰা আৰু মণিপুৰৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভতো বুজ ল’ব। অসমলৈ অহাৰ পূৰ্বে দেওবাৰে দলটোৱে ত্ৰিপুৰা আৰু মঙলবাৰে মণিপুৰ ভ্ৰমণ কৰিব।

উল্লেখ্য যে বৃহস্পতিবাৰে নিৰ্বাচন আয়োগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সৈতে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰে হেৱা বৈঠকৰ পাছতে এই কথা জানিবলৈ দিয়ে মন্ত্ৰীজনে। উত্তৰ-পূবৰ এই তিনিখন ৰাজ্যৰ উপৰি পশ্চিম বংগলৈও উচ্চ পৰ্যায়ৰ দলটোক প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।



Source link

[Total: 0    Average: 0/5]

LEAVE A REPLY

Please enter your comment!
Please enter your name here