বন্যহস্তীৰ প্ৰৱেশ ৰোধৰ বাবে নাৰেংগীৰ সেনা ছাউনীৰ চৌপাশে নাৰকীয় ফান্দ সেনা কৰ্তৃপক্ষৰ

0
21


বন্যহস্তীক বধ কৰিবলৈ ভাৰতীয় সেনা বাহিনীয়ে পতা লোৰ ফান্দত পৰি দুটাকৈ বনৰীয়া হাতীৰ মৃত্যু হোৱাৰ ঘটনাই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ নাৰেংগীৰ সেনা ছাউনীত সংঘটিত হোৱা এনে মৰ্মান্তিক ঘটনা পোহৰলৈ অহাৰ পাছতে বন্যপ্ৰাণী তথা প্ৰকৃতি প্ৰেমী সকলো ব্যক্তি আৰু সংগঠন জাঙুৰ খাই উঠিছে।

উক্ত ঘটনা সন্দৰ্ভত ইতিমধ্যে বন বিভাগে তদন্ত আৰম্ভ কৰিছে। বন্যপ্ৰাণী সুৰক্ষাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰি অহাৰ সময়তে সাতগাঁওস্থিত সেনা শিবিৰত বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰাৰ উদ্দেশ্যে হাতী মৰাৰ ফান্দ পাতি সেনা কৰ্তৃপক্ষই চৰম অমানৱীয় কাণ্ড সংঘটিত কৰিছে।

আমচাং বন্যপ্ৰাণী সংৰক্ষণ অভয়াৰণ্যৰ গাতে লাগি থকা সাতগাঁও সেনা শিবিৰত বনৰীয়া হাতীৰ প্ৰৱেশ বন্ধ কৰাৰ বাবে সেনা শিবিৰৰ চাৰিসীমাত মাটিত পকী ঢালাই দি লোৰ জোং স্থাপন কৰিছে। ইয়াৰ ফলত আমচাং অভয়াৰণ্যৰ পৰা খাদ্যৰ অহা বনৰীয়া হাতী এই লোৰ জোঙত খোঁচ খাই আঘাতপ্ৰাপ্ত হয়। এনেদৰে বহু বন্যহস্তী সেনাবাহিনীয়ে স্থাপন কৰা মৰণ ফান্দত আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰাৰ আশংকা কৰা হৈছে।

আনহাতে, শেহতীয়াকৈ দুটাকৈ বনৰীয়া হাতী আঘাতপ্ৰাপ্ত হৈ মৃত্যুমুখত পৰাৰ পাছতে নাৰেংগীৰ সেনা শিবিৰত স্থাপন কৰা লোৰ জোঙৰ ফান্দৰ কথাটো পোহৰলৈ আহিছে।

জানিব পৰা মতে, এই সন্দৰ্ভত আমচাং বন্যপ্ৰাণী সংৰক্ষণ অভয়াৰণ্যৰ বোন্দাস্থিত বনাঞ্চলিক বিষয়া নৰেশ্বৰ দাসে যোৱা ২৫ডিচেম্বৰত উক্ত মৰণফান্দ উঠাই দিবলৈ সেনা কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছিল। উক্ত পত্ৰৰ প্ৰতি সঁহাৰি জনাই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে ২৭ ডিচেম্বৰত বন সংমণ্ডল বিষয়াই আন এক পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পাছতো সেনা কৰ্তৃপক্ষই বিষয়টোৰ সন্দৰ্ভত কোনো গুৰুত্ব আৰোপ নকৰিলে আৰু আমচাঙৰ পৰা বনৰীয়া হাতী এই ফান্দৰ জোঙত খোঁচ খাই আঘাতপ্ৰাপ্ত হৈ আহিছে।

সেনা বাহিনীৰ দ্বাৰা সংঘটিত কৰা এনে বিবেচনাহীন কাৰ্যক সকলোৱে একেমুখে ধিক্কাৰ দিয়াৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত শীঘ্ৰে কাৰ্য ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে।



Source link

[Total: 0    Average: 0/5]

LEAVE A REPLY

Please enter your comment!
Please enter your name here