আজিৰ পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং : যান-জঁটৰ সম্ভাৱনা

0
21


মেৰামতিৰ বাবে আজিৰে পৰা বন্ধ থাকিব পুৰণি শৰাইঘাট দলং। গুৱাহাটীৰ লগতে দক্ষিণ পাৰৰ সৈতে উত্তৰ পাৰৰ পথ সংযোগ ৰক্ষা কৰি অহা শৰাইঘাট দলঙে জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাৰ পাছতে উত্তৰ-পূব সীমান্ত ৰে’লৱেই মেৰামতিৰ উদ্দেশ্যে ৯০ দিনৰ বাবে পুৰণি শৰাইঘাট দলংখন বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে।

শুকুৰবাৰে পুৱা ছয় বজাৰ পৰা পুৰণি শৰাইঘাট দলং পৰীক্ষামূলকভাৱে বন্ধ ৰখা হ’ব। উত্তৰ-পূব ৰে’লৱেৰ লগতে কামৰূপ জিলা প্ৰশাসনে দলংখনৰ মেৰামতি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। আনহাতে, বন্ধৰ সময়ছোৱাত তীব্ৰ যান-জঁট হোৱাৰ আশংকা বৃদ্ধি পাইছে।

অৱশ্যে, কামৰূপ জিলা (গ্ৰাম্য) আৰু কামৰূপ মহানগৰ জিলা আৰক্ষীয়ে যান-জঁট নিয়ন্ত্ৰণৰ বাবে ব্যাপক তৎপৰতা গ্ৰহণ কৰিছে।

যান-বাহন আৰক্ষীয়ে নতুন শৰাইঘাট দলঙৰ মাজত ডিভাইডাৰ বহুৱাই বাহনসমূহে অভাৰটেক কৰিব নোৱৰাৰ ব্যৱস্থা কৰিছে। তদুপৰি, দিনৰ ভাগত গধুৰ যান-বাহনসমূহৰ চলাচল বন্ধ ৰখাৰ ব্যৱস্থা কৰা হৈছে।

ইপিনে, তিনি মাহৰ ভিতৰত ঐতিহাসিক দলংখনৰ মেৰামতিৰ কাম সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা ব্যক্ত কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱেই।



Source link

[Total: 0    Average: 0/5]

LEAVE A REPLY

Please enter your comment!
Please enter your name here